Kishore Kumar Hits

Bishrut Saikia - Morubhumi (From "Ogrogami") şarkı sözleri

Sanatçı: Bishrut Saikia

albüm: Morubhumi (From "Ogrogami")


নিজৰ কৰাৰ সপোনে
প্ৰেমৰ দিঠক নুবুজায়
হৃদয় ভঙা মৰমে
ঘৃণা কৰা নুবুজায়
অনুভৱ অঘৰী হোৱা
আমাৰ ভাৱনাত
বনজুইৰ দৰে জ্বলা মিছা ধাৰণা
তোষণৰ চুনামিৰ এটুপি নাই আজি
তোষণৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ'ল আজি
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম

প্ৰেম নিষিদ্ধ আমাৰ
জীৱনৰ ব্যৱহাৰিকতাত
প্ৰত্যাশাৰে ভৰা পৃথক মানসিকতাত
আজীৱন অপেক্ষাৰ হেতু নথকাত
তই আনৰ হোৱাৰ
অনুতাপ দূৰ সীমনাত
বিভৱ পালেও আজি নিজকে হেৰুৱালোঁহি
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিয়ে কাঢ়ি
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম
অনুগামী হৈ যদি আহোঁ উভতি
খেদি খেদি মৰমৰ প্ৰতিধ্বনি
জানিবি নহ'লো মৰুভূমি
জানিবি নহ'লো মৰুভূমি

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar