Bishrut Saikia - Nuwari Buli Kune Kole (From "Promaan") şarkı sözleri
Sanatçı:
Bishrut Saikia
albüm: Nuwari Buli Kune Kole (From "Promaan")
এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে
এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে
নিজক বুজি পালে
সপোনক সময় দিলে
বিচৰাৰ দৰে সঁহাৰি পাবলৈ
নোৱাৰি বুলি কোনে কলে
এই যে মানুহে এৰি গলে
স্মৃতিবোৰে থাকি কি কৰে
ৰৈ যোৱা স্মৃতিৰ অবিহনে
সোঁৱৰণী গঢ়ো কিদৰে
হেৰুৱা জনৰ যদি
আধা হয় জীৱন কাহিনী
সেই কাহিনী আগুৱাই নিবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
এই যে মানুহে ভুল হলে
সমাজৰ হাঁহিলৈ কিয় ভয় কৰে
সমাজৰ হাঁহিৰ অবিহনে
সমাজে সকাহ পাই কিদৰে
নিজৰ ভুল দেখিলে
দেখিলে ভাবি মানিলে
ভুলবোৰ পাহৰি ভুলবোৰ পাহৰি
ভালবোৰ লবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
Поcмотреть все песни артиста
Sanatçının diğer albümleri