Kishore Kumar Hits

Shankuraj Konwar - Gaane Gaane şarkı sözleri

Sanatçı: Shankuraj Konwar

albüm: Gaane Gaane


গানে-গানে, मल्हारी গানে-গানে
প্ৰাণে-প্ৰাণে, मल्हारी প্ৰাণে-প্ৰাণে
গানে-গানে, मल्हारी গানে-গানে
প্ৰাণে-প্ৰাণে, मल्हारी প্ৰাণে-প্ৰাণে
শিহৰণে আজি বিচাৰে
সংগ মনস্পৰ্শা
সমীৰৰ স'তে গুঞ্জৰে
অৱগুণ্ঠিত বৰষা
নিজানৰ সাগৰত ভাহে
মোৰ কম্পিত তমসা
গহনত কিনো গুঞ্জৰে!
আনে বাঞ্ছিত বৰষা
কাগজৰ নাও মেলি সুৰ
সাগৰত সেউজৰ বোল
ফুলে ক'ত স্পৰ্শৰ ফুল?
সোঁৱৰণি বৰ্ষামধুৰ

ধৰা দিলা দুচকুত
বৰষিলে সপোন
বজালাহি নূপুৰ
ধূলিয়ৰি বুকুত
সুৰৰে मल्हारी
বিয়পিলে দেখোন
হৰিষ স্বৰতো
মেঘালীৰে নাচোন
কোলাহলে পাহৰোৱা গানৰে বৰষা
উভতিলে তোমাৰ সুবাসত
উপচিলে ৰহণে বেৰঙী মোৰ পৃথিৱী
প্ৰাণসাগৰত আবীৰ তোমাৰ
কাগজৰে নাও মেলি সুৰ
সাগৰত হেঙুলৰ বোল
ফুলি ৰ'ল স্পৰ্শৰ ফুল
সোঁৱৰণি স্পৰ্শমধুৰ

কাগজৰে নাও মেলি সুৰ
সাগৰত হেঙুলৰ বোল
ফুলি ৰ'ল স্পৰ্শৰ ফুল
সোঁৱৰণি স্পৰ্শমধুৰ
গানে-গানে, मल्हारी গানে-গানে
প্ৰাণে-প্ৰাণে, मल्हारी প্ৰাণে-প্ৰাণে
গানে-গানে, मल्हारी গানে-গানে
প্ৰাণে-প্ৰাণে, मल्हारी প্ৰাণে-প্ৰাণে

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar