Tanveer Masoom - Tumi Xur şarkı sözleri
Sanatçı:
Tanveer Masoom
albüm: Tumi Xur
পূবালী বতাহে বাট দেখুৱায়
বিৰিখৰ ডালতে প্ৰাণ সাৰ পায়
সুবাসী সুমনে হাঁহি মাৰি চায়
তুমি যে ঠিকনা, মনে সোঁৱৰায়
হৃদয়ৰে ভাঁজতে লুকায়
লাজতে প্ৰেমবোৰ দুনাই
তোমাৰ মাততে জীয়া
হেৰোৱা আশাৰ কলিকা
তুমি আহিলে জানা
ভাগৰা দেহাতে
উতলা মৰম সাৰ পালে!
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী?
হেজাৰ সপোনৰ সুখ এটুপি
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী?
হেজাৰ সপোনৰ সুখ এটুপি
তুমি দূৰ-দূৰ-দূৰ, তুমি সুৰ
নিশাৰ আৱেগৰ সুৰ মধুৰ
♪
ডাৱৰীয়া আকাশৰ তুমি জিলিকা চন্দ্ৰমা
একাকী উদং বুকুত তুমি শুৱলা সংগীতা
অনিকেত মনৰ তুমি আলয় কিছু মৌসনা
মুগ্ধ হিয়াতে ভাহে প্ৰেমৰ সুবাসনা, সুবাসনা
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী?
হেজাৰ সপোনৰ সুখ এটুপি
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী?
হেজাৰ সপোনৰ সুখ এটুপি
তুমি দূৰ-দূৰ-দূৰ, তুমি সুৰ
নিশাৰ আৱেগৰ সুৰ মধুৰ
Поcмотреть все песни артиста
Sanatçının diğer albümleri