Mrityunjoy Kakati - Xorotor Ratipuwa şarkı sözleri
Sanatçı:
Mrityunjoy Kakati
albüm: Xorotor Ratipuwa
অনুভৱী এটি পুৱা এই ধৰা
দূবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা
♪
অনুভৱী এটি পুৱা এই ধৰা
দূবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা
প্ৰণয়ৰে ৰং সানি ক'তেনো আছা তুমি?
জোনাকীৰ স'তেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী
তোমাৰ বাবেই যে ৰহণসনা
তোমাৰ বাবেই যে ৰহণসনা
অনুভৱী এটি পুৱা এই ধৰা
দূবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা
♪
জীৱনৰে তমসা, কাহিনী বিষাদভৰা
মচি মচি যাম, নতুন সজাম
এটি এটি ভাৱনা, কি মধুৰ বাসনা!
তোমাৰেই গান, হাঁহিৰে জীপাল
হেঁপাহৰে আখৰা, কাহিনী আশাভৰা
ৰচি ৰচি যাম, হৃদয় জুৰাম
নিয়ৰৰে দলিচা, ৰ'দালি চমকসনা
পৰাণৰে গান, বাঁহীৰে জীপাল
প্ৰণয়ৰে ৰং সানি ক'তেনো আছা তুমি?
জোনাকীৰ স'তেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী
তোমাৰ বাবেই যে ৰহণসনা
তোমাৰ বাবেই যে ৰহণসনা
অনুভৱী এটি পুৱা এই ধৰা
দূবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা
Поcмотреть все песни артиста
Sanatçının diğer albümleri