KLANZ - Rongali Bihuti şarkı sözleri
Sanatçı:
KLANZ
albüm: Rongali Bihuti
ব'হাগৰ বিহুটি আহিল ঐ মাজনী
বিহুৰ ঢোল-পেঁপা বাজিল
অ' মাজনী বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে ছেওতে নাচিবলে' সাজু হ'ল
হে নাচনী নাচিবলে' সাজু হ'ল
ব'হাগৰ বিহুটি আহিল ঐ মাজনী
বিহুৰ ঢোল-পেঁপা বাজিল
অ' মাজনী বিহুৰ ঢোল-পেঁপা বাজিল
আমাৰে নাচনী ঢোলৰে ছেওতে নাচিবলে' সাজু হ'ল
হে নাচনী নাচিবলে' সাজু হ'ল
অ' নাচনী ঐ, মোলে' হে তই বিহুৱান বৈছ নে নাই?
হে নাচনী ঐ, ৰৈ আছোঁ মই তোলৈ জান বাট চাই?
♪
ঐ জান তই বুজিছ নে নাই?
থাকিমনো কিমান মই তোলৈ বাট চাই!
ৰাতি-ৰাতি মোক শুব নিদিয়ে
দুটি নয়নে তোৰ আমনি কৰে (ঐ)
তোৰে মুখনি দেখি লাগে শুৱনি
বুকুতে বাজিছে হৃদয়ৰে কঁপনি (ঐ)
♪
ৰঙালী বিহুটি আহিল ঐ মাজনী
গছতে কপৌ ফুলিল
হে মাজনী গছতে কপৌ ফুলিল
কুলি-কেতেকীয়ে বিনালে মাজনী
বিহু নাচিবলে' যাওঁ
হে মাজনী বিহু নাচিবলে' যাওঁ
অ' নাচনী ঐ, মোলে' হে তই বিহুৱান বৈছ নে নাই?
হে নাচনী ঐ, ৰৈ আছোঁ মই তোলৈ জান বাট চাই?
Поcмотреть все песни артиста
Sanatçının diğer albümleri