KLANZ - Niribili şarkı sözleri
Sanatçı:
KLANZ
albüm: Niribili
শুকুলা ডাৱৰে মাতে
হাতেবাউলী কাষলে
মুকলি মন আকাশত
হেঁপাহে উৰা মাৰে
এজাক সপোনৰে
পোহৰ নামি আহে
খোজে খোজে দিয়ে নতুনৰে ৰং
নিৰিবিলি মনে
নীৰলে গোপনে আঁকে
হৃদয়তে প্ৰীতিভৰা ক্ষণ
যাযাবৰী বাটে বাটে ৰ'দে আঁকে পোহৰৰে গান
পোহৰৰ গানে গানে জুৰণীয়া জীৱনৰে প্ৰাণ
ৰৈ যোৱা সময়ৰে মিঠা মিঠা সুৰৰে নিজান
সোণোৱালী স্মৃতিৰঙী বাটেৰে যাঁও বিচাৰি তোমাক
এগচি হিয়াৰে
চাকি তুমি মোৰে
পোহৰাই তুলাহি তুমি নীৰৱে
মোৰ পৃথিৱীৰে সুৰ গান
মোৰ জীৱনৰ জীয়া প্ৰাণ
সময়ে সজোৱা জীয়া এটি গান
মোৰ বুকুতে সোণ ৰ'বা
মৰমৰ জোন হ'বা
হ'বা তুমি পোহৰৰে গান
মোৰ মনৰে বেথাবোৰ
সামৰি তুমি ল'বা
হ'বা তুমি জীৱনৰে প্ৰাণ
যাযাবৰী বাটে বাটে ৰ'দে আঁকে পোহৰৰে গান
পোহৰৰ গানে গানে জুৰণীয়া জীৱনৰে প্ৰাণ
ৰৈ যোৱা সময়ৰে মিঠা মিঠা সুৰৰে নিজান
সোণোৱালী স্মৃতিৰঙী বাটেৰে যাঁও বিচাৰি তোমাক
Поcмотреть все песни артиста
Sanatçının diğer albümleri