Kishore Kumar Hits

TRIV - Baxona şarkı sözleri

Sanatçı: TRIV

albüm: ABIKALPA


শেষজাক বৰষুণৰ দৰে আকৌ...
জীপাল কৰিবানে মোক আহি?
দুপৰৰ ধূসৰ ভাৱনাবোৰ ঠেলি...
জোনাক সিঁচি দিবানে আহি?
বিলীন হ'বানে মোৰ উশাহত তুমি আহি...
দুয়ো দুয়োৰে সপোনক সাৱটি?
বিলীন হ'বানে মোৰ উশাহত তুমি আহি...
দুয়ো দুয়োৰে সপোনক সাৱটি?
হেঙুলীয়া আবেলি ৰহণ সিঁচি দিয়াঁহি
শুকুলা হৃদয়ৰ বাসনা তুমি
হেঙুলীয়া আবেলি ৰহণ সিঁচি দিয়াঁহি
শুকুলা হৃদয়ৰ বাসনা তুমি

জুৰসনা ফাগুনী হৈ কাষতে ৰ'লে...
সেন্দুৰীয়া এপাহি যেন সপোনেও পাহি মেলে
এচেৰেঙা প্ৰেমৰ ৰ'দে তোমাৰ কথা ক'লে
অনুভৱী কবিতা হৈ হেঁপাহেও প্ৰাণ পালে
জোনাকৰে খুলিছোঁ দুৱাৰখনি
কাষৰতে পাওঁ তোমাক আজি
বিলীন হ'বানে মোৰ উশাহত তুমি আহি...
দুয়ো দুয়োৰে সপোনক সাৱটি?
হেঙুলীয়া আবেলি ৰহণ সিঁচি দিয়াঁহি
শুকুলা হৃদয়ৰ বাসনা তুমি
হেঙুলীয়া আবেলি ৰহণ সিঁচি দিয়াঁহি
শুকুলা হৃদয়ৰ বাসনা তুমি

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar