Arindam Gohain - Madhurima şarkı sözleri
Sanatçı:
Arindam Gohain
albüm: Madhurima
আকাশ-মুকলি মন আজি
তোমাৰ আলোড়নৰ হাঁহি
বুকুতে সুৰভি বিয়পায়!
...
শুৱনি পথাৰখনি
সোণোৱালী ধাননি
ছটিয়াই চকুত আশাৰে ৰেঙনি
মাধুৰীমা তুমি
বুকুৰে ফুল ছিঙি
যাচিলা মৰম সানমিহলি
...
ৰিণি ৰিণি বৰষুণৰ টোপালত
তিতি বুৰি যোৱা কুলিটিয়েও
তোমাৰে গীত জুৰে, বসন্তক আদৰি
গুটিমালীৰ সুগন্ধিত ৰজনী
হেঙুলী প্ৰভাতো শুৱনি
প্ৰেমিক পখী উৰে নিলীমাক আৱৰি...
...
তৰা তুমি জোনাক নিশাৰ আকাশৰে
তোমাতে যেন শৰতৰ নিয়ৰ সৰে
তোমাৰ মিঠা সোৱঁৰণি বোৰে
বুকুত আজি ৰঙৰে মেলা পাতে
তুমি কবিতা প্ৰেমৰে উকা কাগজতে
সুখৰে মোৰ শুকান মালিতা...
...
ৰিণি ৰিণি বৰষুণৰ টোপালত
তিতি বুৰি যোৱা কুলিটিয়েও
তোমাৰে গীত জুৰে, বসন্তক আদৰি
গুটিমালীৰ সুগন্ধিত ৰজনী
হেঙুলী প্ৰভাতো শুৱনি
প্ৰেমিক পখী উৰে নিলীমাক আৱৰি...
Поcмотреть все песни артиста
Sanatçının diğer albümleri