Kishore Kumar Hits

DHRTX - Abeg - Dhiraj Remix şarkı sözleri

Sanatçı: DHRTX

albüm: Abeg - The Remixes


এমুঠি-দুমুঠি শব্দৰে সুৰকে আজি ৰচিলোঁ
ৰিণিকি-ৰিণিকি আশাৰে ক্ষণ গণিলোঁ
মাতাল সপোনৰে ঠিকনা বিচাৰি ফুৰিলোঁ
শুনো কি নুশুনো, কথাতে মগ্ন আছিলোঁ
অচিনা ৰাগতে বৈ যোৱা
ফাগুন হয়নো বাউলী
অনামী আৱেগে কৰে আমনি
অচিনা ৰাগতে বৈ যোৱা
ফাগুন হয়নো বাউলী
অনামী আৱেগে কৰে আমনি
হেৰুওৱা অতীত তুলি উৰি যায়
মনাকাশতে পোহৰৰ জেউতি
ভাৱনা গৰকি নাচি উঠে
ৰঙীন হিয়াৰে দুৱাৰদলি
মনৰে কিনো এই ভাৱধাৰা
উতনুৱা এই পছোৱা
কত যে কিমান বাসনা
আছিলে মোৰ আগৰে পৰা
অচিনা ৰাগতে বৈ যোৱা
ফাগুন হয়নো বাউলী
অনামী আৱেগে কৰে আমনি
অচিনা ৰাগতে বৈ যোৱা
ফাগুন হয়নো বাউলী
অনামী আৱেগে কৰে আমনি

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar