Amar Sivam - Tumiyei şarkı sözleri
Sanatçı:
Amar Sivam
albüm: Tumiyei
নীলিম আকাশৰ সীমনাতে
ৰাখিছোঁ তোমাৰ ভাৱনাকে
জোনাকী নিশাৰ জোনাকতে
ভাবিছোঁ তোমাক দুবাহুতে
♪
নীলিম আকাশৰ সীমনাতে
ৰাখিছোঁ তোমাৰ ভাৱনাকে
জোনাকী নিশাৰ জোনাকতে
ভাবিছোঁ তোমাক দুবাহুতে
বিলীন হ'লোঁ মই তোমাতেই
সাঁচি থ'লোঁ মোৰ বুকুতেই
এটি আশা মোৰ তুমি
বাৰে বাৰে যোৱা চুমি
ফাগুনৰ পছোৱাই দিলে
তুমি অহা বাতৰি
ফাগুনৰ পছোৱাই দিলে
তুমি অহা বাতৰি
♪
হিমচেঁচা পছোৱাই কয়
তুমি মাথোঁ মোৰে হয়
এসাগৰ মৰমো বয়
তুমি মাথোঁ মোৰে হয়
এটি সপোন মোৰ তুমি
অধৰতে ৰাখিবাঁ হাঁহি
এধানি মৰমে দিলে
তোমাৰে ঠিকনাটি
এধানি মৰমে দিলে
তোমাৰে ঠিকনাটি
নীলিম আকাশৰ সীমনাতে
ৰাখিছোঁ তোমাৰ ভাৱনাকে
জোনাকী নিশাৰ জোনাকতে
ভাবিছোঁ তোমাক দুবাহুতে
বিলীন হ'লোঁ মই তোমাতেই
সাঁচি থ'লোঁ মোৰ বুকুতেই
বিলীন হ'লোঁ মই তোমাতেই
সাঁচি থ'লোঁ মোৰ বুকুতেই
Поcмотреть все песни артиста
Sanatçının diğer albümleri