Tanmoy Saikia - Radhika şarkı sözleri
Sanatçı:
Tanmoy Saikia
albüm: Radhika
মাদল বাজিছে
বৃন্দাবনে কৃষ্ণই নাচিছে
মাদল বাজিছে
উলাহেৰে গোপী সৱ আহিছে
মনে মনে কিনো চেনেহ জগালা
শাৰদী শিক্ত হৈ
সৰগৰ পৰি তুমি নামি আহিলা
ৰিক্ত মোৰ হৃদয়লৈ
মায়া সানি তুমি গলা মোৰ বুকুতে
যাদুগৰী তুমি হলা পিৰিতিৰে
মায়া সানি তুমি গলা মোৰ বুকুতে
যাদুগৰী তুমি হলা পিৰিতিৰে
নিভাজ হিয়াৰ তুমি হলা সুৰ গোপনে
মায়া সানি তুমি গলা
বৃন্দাবনৰে মাজতে আছে ৰৈ
মাখন চোৰ তুমি বৰ দুষ্ট সঁচাকৈ
বৃন্দাবনৰে মাজতে আছে ৰৈ
মাখন চোৰ তুমি বৰ দুষ্ট সঁচাকৈ
যমুনাৰ পাৰলে কলচি লৈ
পদুমী খুজেৰে যাই লাহেকৈ
কদমৰ তলতে বেণু বজাই
আধা নয়ন মেলি চাওঁ তোমালৈ
আধা নয়ন মেলি চাওঁ তোমালৈ
মাঠাই মৌৰা পাখি
আৰু হাতত বাঁহী লৈ
লাহে লাহে যাওঁ মই
ৰাধাৰ কাষলৈ
মাঠাই মৌৰা পাখি
আৰু হাতত বাঁহী লৈ
লাহে লাহে যাওঁ মই
ৰাধাৰ কাষলৈ
লাহে লাহে যাওঁ মই
ৰাধাৰ কাষলৈ
লাহে লাহে যাওঁ মই
ৰাধাৰ কাষলৈ
মায়া সানি তুমি গলা মোৰ বুকুতে
যাদুগৰী তুমি হলা পিৰিতিৰে
নিভাজ হিয়াৰ তুমি হলা সুৰ গোপনে
মায়া সানি তুমি গলা
ৰ'দালিয়ে মোৰ কাণে কাণে কয়
ৰাধা কৃষ্ণৰ এইয়া ভালপোৱা হয়
বাঁহীৰ মাতে সকলো মূহি লয়
বুজিলো মই এইয়া ভালপোৱা হয়
জনিলো মই এইয়া ভালপোৱা হয়
Поcмотреть все песни артиста
Sanatçının diğer albümleri