Kishore Kumar Hits

Joi Barua - Moi Bhagora Nai şarkı sözleri

Sanatçı: Joi Barua

albüm: Moi Bhagora Nai - Single


পুৱাৰ বেলিত ৰ'দ এজাক
আঁজুৰি চাওঁ
দুৱাৰডলিত খবৰ বিলাই
বিচাৰি পাওঁ
মই পাহৰা নাই
মই ভাগৰা নাই
সুখে-দুখে
জগাই তোলা
যত ভাৱনা
ওঁ-ওঁ-ওঁ-ওঁ
মনে প্ৰাণে
লুকাই আছে
কত চিনেমা
চিনেমা চিনেমা চিনেমা
চিনেমা চিনেমা মা
অ' মা

আন্ধাৰ কোঠাৰ সুৰ এটি
খেদিনো যাওঁ
নিজান ৰাতিৰ সাধু এটি
সাৱটিনো চাওঁ
মোৰ কথাকে কৈ
সময় আছেনে ৰৈ?
দিনে-ৰাতি
খেদি ফুৰা
কত যাতনা
ৰঙে ৰঙে
ভৰি পৰে
মোৰ তুলিকা
চিনেমা চিনেমা চিনেমা
চিনেমা চিনেমা মা
অ' মা
গুণগুণাই নীৰৱে মোৰ
ভাৱনাৰ গতিত সুৰ
কোন বাটে গুচিনো গৈ
ঘূৰি আহে
উৰি আহে ৰাতিটো হৈ?
ৰাতিটো হৈ?
মই
মই
ভাগৰা নাই

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar