Joi Barua - Xuhuri - Reprise şarkı sözleri
Sanatçı:
Joi Barua
albüm: Bornodi Bhotiai (Original Motion Picture Soundtrack)
সুহুৰিত উৰুৱাই চাপৰিৰে বালি
জঁপিয়াই পাৰ হওঁ বৰনদী
ঢৌ চপৰিয়াই, পানী ছিটিকাই
ৰিঙিয়াই মাতোঁ তোক মাজুলী
মাজুলী (মাজুলী)
তই ব'হাগৰে বিজুলী
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
♪
পিৰালিত পীৰা পাৰি বহে
ভাঙিব নোৱাৰা সাঁথৰ
কেঞা আঙুলিৰ ঠাৰতে
ঘূৰালি সময়ৰ যঁতৰ
পিৰালিত পীৰা পাৰি বহে
ভাঙিব নোৱাৰা সাঁথৰ (লা-লা-লা-লা-লা-লা-লা)
কেঞা আঙুলিৰ ঠাৰতে
ঘূৰালি সময়ৰ যঁতৰ
কিনো সূতাৰে মহুৰা ফুৰালি?
জীৱনচাদৰতে কি ফুল বাছিলি?
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
কিৰীলিত নমুৱাই আবেলিৰে বেলি
সন্ধ্যাৰ তৰা চাওঁ বৰনদীত
♪
বৰনদী ভটিয়ায়
গৰা মহটিয়ায়
চপৰা-চপৰে মাজুলী উটি যায়
বৰনদী ভটিয়ায়
♪
বৰনদী ছেকি পলস কাঢ়িলোঁ
সিঁচিলোঁ মানুহৰ বুকুতে
সপোনৰে গুটি ছটিয়ালোঁ তাতে
পুলি ভাঙি হাঁহিলে জীৱনে
সেই হাঁহি দেখি তয়ো হাঁহি দিলি
অ' মোৰ আজলী মাজুলী
মাজুলী (মাজুলী)
তই আহাৰৰ আহু-তলী
মাজুলী (মাজুলী)
মাজুলী (মাজুলী)
মাজুলী
মাজুলী (মাজুলী)
Поcмотреть все песни артиста
Sanatçının diğer albümleri