Kishore Kumar Hits

Debangaraj - Xarodi Puaa şarkı sözleri

Sanatçı: Debangaraj

albüm: Xarodi Puaa


সাৰদী পুৱা উচুপে শেৱালি
দুচকু মাথোঁ ধুঁৱলী-কুঁৱলী
সাৱটিলে নুফুলা কলি
আঁ-হাঁ-আঁ-হাঁ
আকাশে ওমলায়, বতাহে নিচুকায়
নিয়ৰক মুকুতা সজায়
ৰ'দৰ ছাঁই মৰম ওপচায়
সৰা ফুলৰ সুগন্ধি বিলায়

জীৱন জুৰোৱা মাদকতাবোৰ
আশাভৰা সপোনবোৰ
আপোন-পাহৰা ধেমালিবোৰ
নহয় জানানে জোনাকী সুৰ!
জোনাকী সুৰ
জীৱন-নাটৰ হাঁহি-কান্দোনৰ
সকলো চোন ভাৱৰীয়া
নহ'বাঁ কৰবী মৰমী, প্ৰিয়া
আশাৰে জীৱন যে দুদিনীয়া
দুদিনীয়া
অচল আকাশত বেলিটি ডুবিব
জোনটি উজলি উঠিব
নীলাকৈ আকাশত তৰালী নাচিব
শেৱালি আকৌ ফুলিব

সাৰদী পুৱা

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar