Bhargav Ojapali - Stobdho Mon şarkı sözleri
Sanatçı:
Bhargav Ojapali
albüm: Stobdho Mon
মৰহি যোৱা পাতৰ দৰে
উদাসী মনৰ ৰং সৰে
প্ৰতিশ্ৰুতিৰ বাসনা ঢালি
কিয় গ'লা উভতি? মনত পৰে
মিছা হাঁহিটিয়ে দিয়ে প্ৰলোভনৰ জাননী
জীয়াই থাকিবলে' লাগে মাথোঁ তোমাৰ দুৱাৰডলি
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
♪
ৰাতিৰ সুবাসে কঢ়িয়াই নিয়ে মোক
অফুৰন্ত দিগন্তলৈ
নেজাল তৰাৰ বৰষুণে মোক
ক্ষত বিক্ষত কৰিছে মোক
অসহায় এই জীৱন
ক্ষুদ্ধ মোৰ মন
কেতিয়া শুকাব এই জখম?
মিছা হাঁহিটিয়ে দিয়ে প্ৰলোভনৰ জাননী
জীয়াই থাকিবলে' লাগে মাথোঁ তোমাৰ দুৱাৰডলি
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
অভিমানী সাগৰ তুমি
গৰল সোঁতে আনে প্লাৱন
স্ৰোতস্বিনীৰ দৰে ভাহে মৰম
♪
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
স্তব্ধ মন, কৰে মন উচাটন
পাবলে' তোমাৰেই মন
Поcмотреть все песни артиста
Sanatçının diğer albümleri