Tarali Sarma - Matilei Nami Oha Junak - Dewka şarkı sözleri
Sanatçı:
Tarali Sarma
albüm: Matilei Nami Oha Junak - Dewka
মাতিলেই নামি অহা জোনাক
সিঁচি দিওঁ গুপুতে মই তোমাক
যি কথা বতাহে কঢ়িয়াব নোৱাৰে
যি কথা আকাশে খুলি বুজাব নোৱাৰে
কুৰুকি কুৰুকি খান্দি যোৱা বিষ
ঠেৰেঙা বুকুত হেৰুৱাও দিশ
আজি কওঁ শুনা মই
আজি কওঁ শুনা তোমাকেই
তোমাৰেই কথা
মই তোমাতেই তুমি শেষ আকুলতা
বাউলী কিয় যে মোৰ
সময়বোৰ তোমাতে ৰয়
তুমি অবিহনে নোৱাৰো জীয়াব মই
ফল্গু দুখৰ মেৰুত
বৰষুণ এজাক হৈ
কৰাচোন শীতল
এই পিয়াসীৰ হৃদয়
লৈ যাবানে মোক
লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
য'ত তুমি মই
য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ.
Поcмотреть все песни артиста
Sanatçının diğer albümleri